মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

উদ্দেশ্যসমূহ

    • কলা সামগ্ৰী আৰু প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহ
    • অসমৰ প্ৰাচীন সামগ্ৰীসমূহৰ সংৰক্ষণ
    • অসমৰ বিভিন্ন ক্ষেত্ৰৰ সৌন্দৰ্য্যময় সামগ্ৰীসমূহৰ সংৰক্ষণ
    • ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি
    • ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সংহতি সৃষ্টি
    • ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যায়তনিক অনুষ্ঠান অনুষ্ঠিতকৰণ
    • প্ৰাচীন সামগ্ৰী, কলা সামগ্ৰী আৰু পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে বিভিন্ন গ্ৰন্থ প্ৰকাশ।
    • ঐতিহাসিক সামগ্ৰীসমূহৰ উপস্থাপন কৰা
    • মানুহৰ মাজত জাতীয় গৌৰৱৰ এক অনুভূতি ৰোপণ কৰা আৰু প্ৰতিজন নাগৰিককে সংগ্ৰহালয়ৰ ক্ষেত্ৰত তেওঁলোকৰ আটাইতকৈ ভালখিনি উজাৰি দিবলৈ উদ্বুদ্ধ কৰা
    • ৰাজ্যখনৰ সাংস্কৃতিক অনুভূতি উন্নীত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যম ব্যৱহাৰ কৰা।
    • ছাত্ৰ সম্প্ৰদায়ৰ মাজত সংগ্ৰহালয়ৰ অনুভূতি উন্নীত কৰা।

    সংগ্ৰহালয় সঞ্চালকালয়ৰ ভূমিকা বহুধা। অসমৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ মুখ্য উদ্দেশ্য হৈছে, অনুজসকলৰ বাবে অসম তথা এই অঞ্চলৰ ৰাইজৰ প্ৰাচীন সামগ্ৰীসমূহ আৰু সাংস্কৃতিক ঐতিহ্যসমূহ সংগ্ৰহ আৰু সংৰক্ষণ কৰা।

    সংগ্ৰহালয় সঞ্চালকালয়ে ইতিহাস আৰু স্ংস্কৃতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন আলোচনাচক্ৰ, প্ৰদৰ্শনী, কলা আলোচনা আৰু কলা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

                সংগ্ৰহালয় সঞ্চালকালয়ে ইয়াৰ অভিজ্ঞতা প্ৰসাৰিত কৰি, বেচৰকাৰী সংস্থা, ব্যক্তিগত সংগ্ৰহালয় আৰু অসমৰ সত্ৰ সংগ্ৰহালয়সমূহলৈও সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত অভিজ্ঞতাৰ ভাগ আগবঢ়াইছে।

                সংগ্ৰহালয় সঞ্চালকালয়ে অসম ৰাজ্যিক সংগ্ৰহালয়টিক উন্নতকৰণ আৰু ভৱিষ্যতত ইয়াৰ কাৰ্যকলাপ আৰু অৱস্থানক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে চেষ্টা কৰি আছে। এতিয়া, আমি সংগ্ৰহালয়ৰ সামগ্ৰী সমূহৰ যত্ন তথা তত্বাৱধান লোৱা ক্ষেত্ৰত হ্ৰস্বম্যাদী গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ আৰম্ভ কৰিছো। আমি ইতিমধ্যে দক্ষিণ-পূব এছিয়া বীথিকা স্থাপনৰ বাবে পৰিকল্পনা আৰু উত্তৰ-পূব বস্ত্ৰ বীথিকা আৰম্ভ কৰিছো। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ এতিয়া ১২টা বীথিকা আছে। আমি জাতীয় প্ৰাকৃতিক ইতিহাস বীথিকা মুকলি কৰিবলৈ আগবাঢ়িছো।

                জিলা সংগ্ৰহালয় তথা উপ-বিভাগীয় সংগ্ৰহালয়সমূহৰ লক্ষ্য হৈছে স্থানীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰা আৰু সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰা। জিলা সংগ্ৰহালয় তথা উপ-বিভাগীয় সংগ্ৰহালয় সমূহত ভালেসংখ্যক প্ৰাচীন সামগ্ৰী সংগৃহীত আৰু প্ৰদৰ্শিত হৈ আছে। এই নৃকুলবিদ্যা সম্বন্ধীয় সামগ্ৰীসমূহে আমাক গাঁৱলীয়া অৰ্থনীতি আৰু গাঁও অঞ্চলসমূহত গাঁৱলীয়া জীৱন ধাৰণ শৈলী আৰু তেওঁলোকৰ সাংস্কৃতিক তথা প্ৰাকৃতিক খোপনি সম্পৰ্কে বাৰেৰহণীয়া চিত্ৰ প্ৰদৰ্শন কৰে।

                নীলিমা বৰুৱা লোক কলা সংগ্ৰহালয়ে খেতিয়ক সমাজৰ সাংস্কৃতিক জীৱনৰ ছবি অংকন কৰাৰ বিপৰীতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মাৰক সংগ্ৰহালয়ে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ গুৰুত্বপূৰ্ণ কাম-কাজ, বৰঙণি আৰু জীৱনৰ কিছু দিশত আলোকপাত কৰে।