মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মাৰক সংগ্ৰহালয়ৰ নবীকৰণ

  • ১৯৯৮ চনত ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতিত ৰহা ৰাজ্যিক ঔষধালয় প্ৰাঙ্গনত স্থাপিত ৰহাৰ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মাৰক সংগ্ৰহালয় হল এটি জীৱন বিষয়ক সংগ্ৰহালয়, যিটো ১৯৯৮ চনৰ ৬ জুন তাৰিখে তেতিয়াৰ ৰাজ্যপাল স্বৰ্গীয় এছ. কে. সিনহাৰ দ্বাৰা উদ্বোধন কৰা হৈছিল। প্ৰাঙ্গনখনত অসম আৰ্হিৰ গৃহৰ তিনিটা গোট আছে। ইয়াৰ ভিতৰত দুটা ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মূল্যবান ব্যক্তিগত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা হয়।

    ১৮৯০ চনৰ ৬ জুন তাৰিখে জন্মগ্ৰহণ কৰা গোপীনাথ বৰদলৈৰ এয়া আছিল জন্মস্থান, যেতিয়া তেখেতৰ পিতৃ স্বৰ্গীয় ড০ গোপেশ্বৰ বৰদলৈ ৰহাৰ ৰাজ্যিক ঔষধালয়ৰ ডাক্তৰ পদবীত অধিষ্ঠিত হৈ আছিল। অসম আৰ্হিৰ গৃহকেইটা ১৮৮২ চনত নিৰ্মাণ কৰা হৈছিল। আলোকচিত্ৰৰ প্ৰমাণ অনুসৰি প্ৰকৃত অসম আৰ্হিৰ ঘৰকেইটাত খেৰৰ ছাল আছিল। ঘৰকেইটাৰ বেৰসমূহ বনৰ খাগৰিৰে বন্ধা, বোকাৰ প্ৰলেপ আৰু চূণৰ ৰং সনা আছিল। ঘৰটো প্ৰথমতে ১৯৯৮ চনত নবীকৰণ কৰা হৈছিল আৰু তাৰ পাছত ২০১৭ চনত। সংগ্ৰহালয়চিত ৫১বিধ ব্যক্তিগত সামগ্ৰী আছে, যাৰ এটা অংশ এতিয়া সংৰক্ষণমূলক কাৰ্য্যৰ বাবে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ গৱেষণাগাৰলৈ অনা হৈছে।

    নবীকৰণৰ পাছত সংগ্ৰহালয়টো সাধাৰণ জনতাৰ বাবে ২০১৭ চনৰ ৬ জুন তাৰিখে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা পুনৰ মুকলি কৰা হৈছে।