মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

অনুষ্ঠান আৰু প্ৰদৰ্শনীসমূহ

অসমৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়ে সদায়েই বিভিন্ন সংস্থাৰ সৈতে বা ব্যক্তিৰ সৈতে অৰ্থপূৰ্ণ সহযোগিতামূলক কাৰ্য্য কৰিবলৈ চেষ্টা কৰি আছে আৰু সেই ধৰণে তলত দিয়া হিচাপে বিভিন্ন অনুষ্ঠান আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে-

প্ৰদৰ্শনী

 ২০১৭ চনৰ ৭ৰ পৰা ১৫ মাৰ্চলৈ সংগ্ৰহালয় সঞ্চালকালয়ে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত ৬জন ইটালীয়ান শিল্পীৰ এখন কলা প্ৰদৰ্শনী আৰু তথ্যচিত্ৰৰ দৰ্শনী অনুষ্ঠিত কৰিছিল। প্ৰদৰ্শনীখনৰ বিষয়বস্তু আছিল “শুভ শিঙা বজোৱা, শুভ হাতল লগোৱা, শুভ দশা হওক”। আৰু তলত দিয়া কাৰ্যসমূহ আগবঢ়াইছে-

১। ভূজিয়া, গীবেপে এবেটেৰ দ্বাৰা সুবিচাৰ্য বয়নৰ এক ক্ৰম, যি তেওঁ ২০১৬ চনৰ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আৱাস কালছোৱাত আৰম্ভ কৰিছিল।

২। ৰিকাৰ্ডো বেনফিৰ দ্বাৰা আলোকচিত্ৰ গ্ৰহণ সংক্ৰান্তীয় এক ক্ৰম, ‘মই নিজকে গুৱাহাটী পাইছিলো’, ২০১৫ চনৰ তেওঁৰ আবাস কালছোৱাৰ অভিজ্ঞতাৰ এক চাক্ষুস দিনলিপি।

৩। আলেচন্দা মেচালিৰ দ্বাৰা ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত সিদ্ধ হোৱা এক প্ৰকল্প – ‘এমিলিও চালগৰি আৰু বাঘটোৰ’ দৃশ্য অভিষেক আৰু তথ্যচিত্ৰ প্ৰদৰ্শন।

৪। ‘শ্বাটাল’ল’ – এখন তথ্যচিত্ৰ, মেটিও ষ্টকু আৰু মেটিঅ প্ৰিমিটেৰাৰ দ্বাৰা ২০১৫ৰ পৰা বৰ্তমানলৈকে হাতত লোৱা গৱেষণাৰ প্ৰথম ফলাফলৰ দৃশ্যৰ অভিষেক।

৫। ‘গুৱাহাটী বাঁহ পদপথ’ – পাৱলো ৰছ আৰু ৱিলিয়াম ৱেষ্টৰ দ্বাৰা এই আৱাস কালছোৱাৰ এক অবিৰত অংশ।

      এয়া হল এটা বহুমুখী দিশৰ বৰ্ণমামূলক পদ্ধতি, কাৰ্যসমূহ সঁচা অৰ্থত এক উদ্ভাৱনী তথা পৰীক্ষামূলক, যিয়ে সংস্কৃতি, অৰ্থনীতি, উদ্যোগ, পৰ্যটন, ভূ-দৃশ্য আৰু পৰিবেশৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে।

সংৰক্ষণৰ ওপৰত কৰ্মশালা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে ভাৰত চৰকাৰৰ নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সহযোগত আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা সমৰ্থিত হৈ ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে ১২ বজাত ‘ৰি-অৰ্গ’(RE-ORG),অসম শুভাৰম্ভ কৰে, যত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ভি.বি. প্যাৰেলাল, আই.এ.এছ আৰু উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আৰু সচিব শ্ৰী প্ৰীতম শইকীয়াই (আই.এ.এছ)। কৰ্মশালাখন ২০১৬ চনৰ ১১ মাৰ্চলৈ চলি আছিল আৰু আয়ুক্ত তথা সচিব শ্ৰী প্ৰীতম শইকীয়াৰ পথ প্ৰদৰ্শনৰ অধীনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ এক ক্ৰমবৰ্দ্ধিত যুটীয়া প্ৰচেষ্টা আছিল। মুখ্য সমল ব্যক্তিসকল আছিল আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ অধ্যয়ন কেন্দ্ৰৰ প্ৰধান সঞ্চালকৰ উপদেষ্টা মিষ্টাৰ গেইল ডি গুইছেন, গ্ৰীচৰ মিছ লৌৰা টাপিনি, জাপানৰ মিছ চাকুৰা টাইমা আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ মুখ্য (সংৰক্ষণ) বিষয়া মিষ্টাৰ আবল পাণ্ডিয়া তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেৰ প্ৰতিনিধি আৰু সংগ্ৰহালয়, প্ৰত্নতত্ব, সংৰক্ষণাগাৰৰ ১৫ গৰাকী বৃত্তিজীৱীয়ে অংশগ্ৰহণ কৰিছিল।