মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

অসম ৰাজ্যিক যাদুঘৰৰ বীথিকা সমূহ

১৯৪০ চনৰ ২১ এপ্ৰিলৰ দিনা অসম ৰাজ্যিক যাদুঘৰৰ স্থাপিত হয়। অসমৰ বুৰঞ্জীমূলক আৰু পৌৰণিক সম্পদ অধ্যয়নৰ ক্ষেত্ৰত আগভাগ লোৱা কামৰূপ অনুসন্ধান সমিতিয়ে অসম ৰাজ্যিক যাদুঘৰৰ স্থাপনৰ বাটকটীয়া। যাদুঘৰটো অসমৰ মহামাণ্য ৰাজ্যপাল ছাৰ ৰৰ্বাট নীল ডাঙৰীয়াই আনুস্থানিক ভাৱে উদ্ধোধন কৰে                                                                                                            

ৰাই বাহাদুৰ কনকলাল বৰুৱা, ৰাই বাহাদুৰ আনন্দ চন্দ্ৰ আগৰৱালা, স্বৰ্গীয় কালিৰাম মেধি, এইবিলাকৰ অক্লান্ত শ্ৰমৰ ফলশ্ৰুতিতে অসম ৰাজ্যিক যাদুঘৰ প্ৰতিস্থা হৈছে ।                                                         

যাদুঘৰৰ প্ৰথম গৃহ নিৰ্মাণৰ কাম ৰাইজৰ বৰঙনি আৰু চৰকাৰী সাহা্য্যৰে হৈছিল। ৰাইবাহাদুৰ নৌপত ৰাই কেডিয়াই এই গৃহ নিৰ্মানৰ বাবে এটা বুজন পৰিমানৰ বৰঙনি দিছিল। ১৯৫৩ চনত ৰাজ্যিক চৰকাৰে এই অনুস্থানটো লয়।                                                                                  

যাদুঘৰৰ সম্পদসমূহ বিভিন্ন বীথিকাত প্ৰদৰ্শন কৰা হয়।                                                    

 (১) মুক্তি যুঁজাৰুৰ বীথিকা- এইখন হৈছে ফটো সাম্বলিত বীথিকা। ইয়াতে মহত্মা গান্ধীৰ জীৱন পৰিক্ৰমাৰ লগত্ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ সকলৰ কিছুমান ফটো আছে।                                                            

(২) চিত্ৰ শিল্পৰ বীথিকাঃ- এইটো এখন চিত্ৰশিল্পৰ বীথিকা । আধুনিক যুগৰ অসমৰ কেইজনমান চিত্ৰশিল্পীৰ অঁকা চিত্ৰ ইয়াত আছে। তাৰে কেখনমান লেখত লবলগীয়া চিত্ৰ হ’ল ৰমেশ ঘোষৰ কুৰুক্ষেত্ৰ যুদ্ধ, মুক্তা বৰদলৈৰ সতী জয়মতীৰ শেষ অৱস্থা বেনু মিশ্ৰৰ বড়ো শিপিনী, লম্বোদৰ হাজৰিকাৰ অসমৰ গাঁৱৰ দৃশ্য

(৩) জাতি বিষয়ক বীথিকাঃ- ইয়াতে অসমৰ বিভিন্ন জনজাতিৰ ক’লা আৰু ক’লা সূলভ সম্পদ সমূহ সংৰক্ষণ কৰা আছে। বৰ্ত্তমান এই বিভাগত প্ৰতিনিধিত্ব কৰা জাতি সমূহ হৈছে (১)বড়ো, (২) ডিমাচা, (৩) ৰাভা, (৪) তিৱা, (৫) মিচিং (৬) হাজং, (৭) সোনোৱাল কছাৰী, (৮) কুকি, (৯) জেমি নগা, (১০) মাৰ, (১১) খেলমা ,(১২)দেউৰী ইত্যাদি।                                             

(৪) অসমৰ গ্ৰাম্য জীৱন:- এইখন বীথিকাত অসমৰ গ্ৰাম্য জীৱনৰ কিছুমান দৃশ্য ফুটি উঠিছে। অসমীয়া ঘৰুৱা পৰিবেশৰ আৰ্হি, কুটিৰ শিল্পৰ আৰ্হি, আৰু এটা নামঘৰৰ আৰ্হি, ইয়াত আছে।

(৫) ভাস্কৰ্য্যৰ বীথিকা:-

এইটো হৈছে ভাস্কৰ্য্যৰ বীথিকা। প্ৰাক আহোম যুগৰ ৬ ষ্ঠৰ পৰা ১৩ শ শতিকাৰ ভাস্কৰ্য্য সমূহ ইয়াতো থোৱা আছে। আমবাৰীৰ খনন কাৰ্য্যত আৱিস্কাৰ হোৱা নটৰাজ, বিষ্ণু আৰু মহিষ মৰ্দ্দিনীৰ মূৰ্ত্তি হৈছে তেনে কিছুমান সম্পদ। ভাৰত ক’লা ভৱন আৰু বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা পোৱা কিছুমান সম্পদো এই বীথিকাত আছে।                                                  

(৬) হাতে লিখা পুথিৰ বীথিকাঃ-

অসমীয়া, টাই, বাৰ্মিজ ভাষাত হাতে লিখা পুৰণি পুথি সমূহ ইয়াত আছে। এইবিলাক সাঁচিপাত, তুলাপাত আৰু তালপাতত লিখা হৈছিল। ইয়াত সংগ্ৰহ কৰা কিছুমান হাতে লিখা পুথি ৰংচঙীয়া চিত্ৰ থকা।                                       

(৭) গোলাবাৰুদৰ বীথিকাঃ- এই গোলা-বাৰুদৰ বীথিকাত আহোম, কোছ আৰু মোগল যুগৰ কামান, মধ্যযুগৰ তৰোৱাল, হেংদাং, ডেগাৰ, ঢাল আৰু আধুনিক যুগত দ্বিতীয় মহাসমৰত জাপানী সেনাই ব্যৱহাৰ কৰা আৰু বায়ু সেনাই ব্যৱহাৰ কৰা গোলা-বাৰুদ সমূহ ইয়াত প্ৰদৰ্শন কৰা আছে।                                            

(৮) পটন্তৰ(Epigraphy)বীথিকাঃ- এইটো হৈছে পটন্তৰৰ বীথিকা। ৫ মৰ পৰা ১৮ শ শতিকালৈ পোৱা হোৱা শিলৰ আৰু তামৰ ফলি সমূহ ইয়াত সংৰক্ষণ কৰা আছে।

(৯) প্ৰাক আৰু সমসাময়িক বুৰঞ্জী আৰু মৃন্ময় মূৰ্ত্তিৰ বীথিকাঃ- ইয়াত ভাৰতৰ পুৰাতত্ব বিভাগৰ পৰা সংগ্ৰহ কৰা সিন্ধু সভ্যতাৰ সম্পদ ৰখা হৈছে। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কাৰ্য্যত এই সমূহ পোৱা  গৈছে । এইখন বীথিকাত অসম আৰু উত্তৰ-পূৱ অঞ্চলৰ পৰা সংগ্ৰহ কৰা মৃন্ময়-মূৰ্ত্তি সমূহ থোৱা আছে।                                                   

(১০) মুদ্ৰা আৰু ধাতুৰ ভাস্কৰ্য্যৰ বীথিকাঃ-কিছুমান ধাতুৰ ভাস্কৰ্য্য যেনে- মহিষমৰ্দ্দিনী, বিষ্ণু, বুদ্ধ এই বীথিকাত ৰখা হৈছে। আহোম আৰু মোগল যুগৰ মুদ্ৰা বিলাকো ইয়াত শ্বো-কেচত ৰখা হৈছে ।বিভিন্ন সময়ৰ ৬০০০ তকৈও বেছি মুদ্ৰা এটা দেৰাজত ৰখা হৈছে।                                                                                                                                                           

(১১) বয়ন শিল্পৰ বীথিকাঃ- ৰাজ পোচাককে ধৰি মধ্য যুগৰ সাজ-পোচাক, পাটৰ চাদৰ. মুগা চাদৰ, ৰিহা. মুগা আৰু চিল্কৰ স্ত্ৰী আৰু পুৰুষ উভয়ৰে পোচাক ইয়াত প্ৰদৰ্শন কৰা আছে।                                                                                                                              

(১২) কাঠ শিল্পৰ বীথিকা:- এইটো হৈছে কাঠ শিল্পৰ বীথিকা। পুৰণি কালৰ পৰা অসমত কাঠ শিল্প বৰ জনপ্ৰিয়। অসমত নিপুন ভাৱে খোদিত কাঠ শিল্প বিশেষকৈ বৈষ্ণৱ সত্ৰ সমূহৰ শিল্প সমূহ এই বীথিকাত থোৱা আছে। কাঠ শিল্পটো বিভিন্ন জনগোষ্ঠীয়ে চৰ্চ্চা কৰিছিল।                                                                         

(১৩) প্ৰাকৃতিক বুৰঞ্জী বীথিকা:- প্ৰাকৃতিকভাৱে হোৱা হাবি:-জঙ্গলৰ লগতে বিভিন্ন জীৱ-জন্ত্ আৰু প্ৰাণীৰে অসম দেশ প্ৰাকৃতিক ভাৱে চহকী ।এই বীথিকাখনেই বিশ্ববিখ্যাত এশিঙীয়া গঁড় আৰু আন আৰু প্ৰানী আৰু চৰাইৰ বাসস্থান, বিশেষকৈ কাজিৰঙা আৰু মানাহ ৰাষ্টীয় অভয়াৰণ্যৰ ছবিখনকে দেখুৱাই ।

(১৪) উত্তৰ পূৱ বীথিকা:- ভাৰতৰ উত্তৰ-পূৱ দিশটোত পাহাৰ আৰু ভৈয়ামত বিভিন্ন জাতি-জনগোষ্ঠীয়ে বসবাস কৰে । বেছিভাগ জনজাতীয় মহিলাই তেওঁলোকৰ খিলঞ্জীয়া পদ্ধতিৰে বোৱা-কটাৰ অনুশীলন কৰে । উত্তৰ-পূৱৰ বীথিকাত বোৱা-কটা বিভাগত তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰংচঙীয়া পোচাক –পৰিচ্ছদ দেখা যায় ।