মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

ঐতিহ্য সংৰক্ষণ

অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰাঙ্গনত অৱস্থিত আমাৰ এটা কেন্দ্ৰীয় সংৰক্ষণ গৱেষণাগাৰ আছে। ১৯৮৪ চনৰ ২৬ জুন তাৰিখে ইয়াক স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ এইটোৱেই প্ৰথম সংৰক্ষণ গৱেষণাগাৰ। তেতিয়াৰে পৰাই সংৰক্ষণ গৱেষণাগাৰটোৱে শিল, হস্তলিপি, ধাতৱীয় বস্তুসমূহ, টেৰাকোটা, মুদ্ৰা, বস্ত্ৰ, নৃকুলবিদ্যা, কাঠৰ সামগ্ৰী, চিত্ৰৰ দৰে বস্তুসমূহৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ সৈতে জড়িত হৈ আছে। প্ৰায় ২০০০বিধ সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হৈছে। ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ব্যক্তিগত সংগ্ৰহালয়, সত্ৰ সংগ্ৰহালয়, সত্ৰসমূহ আৰু বেচৰকাৰী সংস্থাসমূহলৈও সংৰক্ষণৰ সুবিধা আগবঢ়োৱা হয়। সংৰক্ষণৰ সৈতে সম্পৰ্কিত ৯খন কৰ্মশালা এতিয়ালৈ অনুষ্ঠিত কৰা হৈছে।

            ২০০৪-২০০৬ বৰ্ষত কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ৰ দ্বাৰা তলত দিয়া বীথিকাসমূহক নৱৰূপ দান কৰা হৈছে।

            (ক) পাঠোদ্ধাৰ বীথিকা

            (খ) ধাতৱীয় ভাস্কৰ্যয আৰু মুদ্ৰা সংক্ৰান্তীয় বীথিকা।

            (গ) প্ৰাক আৰু আদ্য ঐতিহাসিক বথিকা আৰু টেৰাকোটা বীথিকা।

            (ঘ) বস্ত্ৰ বীথিকা

            (ঙ) হস্তলিপি বীথিকা

            অসমৰ সংগ্ৰহালয় সঞ্চালকালয়েও তলত দিয়া বীথিকাসমূহ আৰম্ভণি তথা নৱৰূপ দান কৰিছে-

            (ক) তিনিটা শাখাৰে সৈতে শিলৰ ভাস্কৰ্য্যসমূহ

            (খ) অস্ত্ৰ-শস্ত্ৰ আৰু বোমা বাৰুদ বীথিকা।

            (গ) চিত্ৰ বীথিকা।