(১) সঞ্চালক –
সঞ্চালকালয়খনৰ তেওঁ ব্যৱস্থাপনা কৰিব লাগিব। নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু আঁচনিসমূহ নিয়ন্ত্ৰণ তথা ৰূপায়ণ কৰিব লাগিব। বিত্ত সম্পৰ্কীয় অৱস্থানসমূহৰ তত্বাৱধান লব লাগিব আৰু সংস্থাৰ কাম-কাজৰ পথ প্ৰদৰ্শন কৰাৰ লগতে পৰ্যবেক্ষণ কৰিব লাগিব।
(২) তত্বাৱধায়ক –
তেওঁ সংগ্ৰহসমূহৰ যত্ন লয়, সামগ্ৰীসমূহ নথিভুক্ত কৰে, প্ৰদৰ্শনী আৰু শিক্ষামূলক অনুষ্ঠান অনুষ্ঠিত কৰে।
(৩) পুথিভঁৰাল আৰু প্ৰকাশন বিষয়া –
সংগ্ৰহালয়ৰ পুথিভঁৰালৰ ব্যৱস্থাপনা কৰা, সংগ্ৰহালয়ৰ সকলো প্ৰকাশনৰ কাম-কাজ সম্পাদন কৰাৰ দায়িত্ব তেখেতৰ।